ইক্ৰা আৰু ৰাহুলৰ বিবাহত ৰাহুলৰ পৰিয়ালে মান্তি হয় যদিও ইক্ৰাৰ পৰিয়ালটো এই সম্পৰ্কৰ বিৰোধী আছিল। ঘৰৰ পৰা পলাই গৈ ইক্ৰাই বিয়াৰ সিদ্ধান্ত লৈ ৰাহুলৰ সৈতে উদয়পুৰ পালেগৈ। উদয়পুৰ দৰবাৰত বিবাহৰ কাগজ-পত্ৰ প্ৰস্তুত কৰাৰ পিছত দুয়ো আহিছিল মন্দসৌৰলৈ। মন্দসৌৰত ৰাহুলৰ পৰিয়ালে সনাতন ধৰ্মত দীক্ষিত কৰাই ইক্ৰাক ইশিকা ৰূপে বোৱাৰী কৰি লয়।
বিবাহ বহি সুখী ইশিকাই কয়– 'মই এতিয়া ইশিকা হৈ পৰিছোঁ। ৰাহুলক মোৰ ইচ্ছামতে বিয়া কৰাইছোঁ। মোৰ পৰিয়ালৰ লোকে বিবাহৰ বিৰোধিতা কৰিছে। আনহাতে ৰাহুলে কয় যে দুয়োজনে ইজনে সিজনৰ সন্মতি লৈ বিয়া পাতিছে। ইক্ৰাই যেতিয়া হিন্দু হ’বলৈ মান্তি হ’ল, আমি পৰিয়ালৰ সদস্যসকলক সাজু কৰি দিলোঁ আৰু মোৰ পৰিয়ালৰ সদস্যসকল সাজু হ’ল।
ৰাহুলে এতিয়া পঢ়ি আছে। ইশিকাই নৱম শ্ৰেণীলৈকে অধ্যয়ন কৰিছে। তিনি মাহ পূৰ্বে মুছলমান ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰা চৈতন্য সনাতনীয়ে ইশিকা আৰু ৰাহুলৰ এই বিবাহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মন্দসৌৰৰ বাসিন্দা জাফৰ শ্বেখ বৰ্তমান চৈতন্য সনাতনী নামেৰে জনাজাত। তেওঁৰ পত্নী হিন্দু ধৰ্মৰ আছিল, সেয়ে তেৱোঁ হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। এতিয়া সেই চৈতন্য সনাতনীয়ে ইক্ৰাই নিজৰ ইচ্ছামতে ধৰ্মান্তৰিত হ'ব বিচৰাত তেওঁ বিবাহকাৰ্য সমাপন কৰে।