পত্নী মাতৃগৃহলৈ গৈছিল। সুবিধা পাই নাবালিকা কন্যাক ধৰ্ষণ কৰিলে পাষাণ পিতৃয়ে। এদিন নহয় একেৰাহে দুদিন নিজ কন্যাৰ ওপৰত পাশৱিক নিৰ্যাতন চলোৱাৰ অভিযোগ। (প্ৰতীকী ফটো) এই লজ্জাজনক ঘটনা সংঘটিত হৈছে গুজৰাটৰ জামনগৰ জিলাৰ জৰিয়া থানাৰ অন্তৰ্গত তালানাত। ইতিমধ্যে অভিযুক্ত লোকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নাবালিকাগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয়। (প্ৰতীকী ফটো) আৰক্ষীয়ে জনোৱা অনুসৰি, নিৰ্যাতিতা কিশোৰীগৰাকীৰ মাতৃয়ে অভিযোগ দাখিল কৰিছে। তেওঁ জনাইছে, তেওঁ মধ্য প্ৰদেশৰ পিতৃগৃহলৈ গৈছিল। সেই সুযোগতে ১ আৰু ২ নৱেম্বৰত কন্যাক বলাৎকাৰ কৰে অভিযুক্ত পিতৃয়ে। (প্ৰতীকী ফটো) কিশোৰীগৰাকীৰ মাতৃৰ অভিযোগ, তেওঁ ঘৰলৈ উভতি অহাৰ পিছত নীৰৱ হৈছিল কন্যা। কাৰো সৈতে কথা পতা নাছিল। অস্বাভাৱিক আচৰণ কৰিছিল। সেয়া দেখি সন্দেহ হয় মাতৃৰ। তাৰ পিছত কন্যাৰ কি হৈছে জানিব বিচৰাত কন্যাই কান্দি কান্দি ভাগি পৰে। মাতৃৰ আগত বিৱৰি কয় পিতৃৰ কুকীৰ্তিৰ কথা। (প্ৰতীকী ফটো) ঘটনাৰ বিষয়ে জনাৰ পিছতে আৰক্ষী থানাত হাজিৰ হয় কিশোৰীগৰাকীৰ মাতৃ। লিখিত অভিযোগ দাখিল কৰি স্বামীৰ বিৰুদ্ধে। ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। (প্ৰতীকী ফটো)