প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত তিনিটা বিশেষ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। কৃষি ‘Infrustructure’ৰ বিকাশৰ বাবে ১ লাখ কোটি টকাৰ ‘এগ্ৰী ইনফ্ৰা ডেভেলপমেণ্ট’আঁচনিত অনুমোদন। ইয়াৰ বাদেও প্ৰধানমন্ত্ৰীৰ দ্বাৰা ঘোষণা কৰা গৰীব কল্যান অন্ন যোজনাৰ সীমা নৱেম্বৰ লৈকে বৃদ্ধি কৰা হৈছে। লগতে উজ্জ্বলা আঁচনিৰ অধীনত ফ্ৰী এল পি জি চিলিণ্ডাৰ যোজনাৰ সীমা বৃদ্ধিতো অনুমোদন জনায়। লগতে চাকৰিজীৱিৰ বাবেও লোৱা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ২৪শতাংশ ইপিএফ আগবঢ়োৱাৰ সুবিধা আগষ্ট মাহলৈকে বৃদ্ধি কৰা হৈছে। চৰকাৰে জনায় যে এই পদক্ষেপৰ ফলত ৭২লাখ চাকৰিয়াল পোনে পোনে লাভৱান হ’ব। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজৰ অধীনত যিসমূহ কোম্পানীত ১০০জন পৰ্যন্ত কৰ্মচাৰী আছে আৰু ইয়াৰে ৯০শতাংশ কৰ্মচাৰীয়ে ১৫হাজাৰ টকাতকৈ কম মাহেকত উপাৰ্জন কৰে তেনে কোম্পানী আৰু তেওঁলোকৰ কৰ্মচাৰীৰ তৰফৰ ইপিএফৰ অংশ চৰকাৰে আদায় দিব।