‘অদ্ভত ৰুবিৰ ৰঙৰ জাপানী আম মিয়াজাকিক বিশ্বৰ আটাইতকৈ দামী আম বোলা হয়। ইয়াৰ প্ৰতি কিলোৰ দাম ২.৭ লাখ। মধ্য প্ৰদেশৰ জবলপুৰৰ এজন কৃষক পাৰিহাৰে দুজোপা গছৰ নিৰাপত্তাৰ বাবে তিনিজন নিৰাপত্তাৰক্ষী আৰু ৬টা কুকুৰ নিয়োগ কৰিছে।’’ টুইটাৰত লিখিছে আৰপিজি গ্ৰুপৰ অধ্যক্ষ হৰ্ষ গোৱেংকাই। মিয়াজাকি বিশ্বৰ আটাইতকৈ দামী ফলবোৰৰ ভিতৰত এটা। বিগত বছৰত ইয়াৰ দাম উঠিছিল প্ৰতি কিলোগ্ৰামত ২.৭০ লাখ টকা।