পত্নী বয়সত বহু সৰু। কিন্তু প্ৰেম অত্যন্ত গভীৰ। ৫ বছৰৰ প্ৰেম মিলিন্দ–অংকিতাৰ। তাৰ পিছত ২০১৮ চনত বিয়া। বিয়াৰ পূৰ্বেই বাৰ্লিন চহৰত তোলা হৈছিল এই ফটো। ওঁঠত ওঁঠ থৈ যেন দুয়ো শপত লৈছিল জীৱনত একেলগে খোজ দিয়াৰ। প্ৰথম দেখাতে অংকিতাৰ প্ৰেমত পৰিছিল মিলিন্দ। এই কথা নিজেই জনাইছিল অংকিতাক। চেন্নাইৰ এখন হোটেলত তেওঁলোকৰ দেখা হৈছিল আৰু তাৰ পিছৰ পৰাই আৰম্ভ হয় প্ৰেম। ২০১৮ত মিলিন্দ–অংকিতাৰ বিয়া হয়। মাৰাঠী নিয়মত বিয়ে হয় তেওঁলোকৰ। মিলিন্দতকৈ প্ৰায় ২৬ বছৰ সৰু অংকিতা। যদিও ইয়াৰ পূৰ্বে এবাৰ বিয়া হৈছিল মিলিন্দৰ, কিন্তু সেই সম্পৰ্ক বেছিদিন নাথাকিল।