অৰুণাচল প্ৰদেশত ভয়ংকৰ অগ্নিকাণ্ড। নাহৰলগুণত সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনা। দপদপকৈ জ্বলি উঠিল এখন দৈনিক বজাৰ। অগ্নিকাণ্ডত ভস্মীভূত হয় বহু দোকান। জুয়ে গ্ৰাস কৰিলে ইখনৰ পিছত সিখন দোকান। অগ্নিকাণ্ডত প্ৰকৃত ক্ষয়–ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই।