নিজৰেই ১৩ বছৰীয়া কন্যাক বিয়া কৰালে পিতৃয়ে। এই কাণ্ডৰ বিৰুদ্ধে পত্নীয়ে স্বামীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। ঘটনাটো পুনেৰ পুৰাণ্ডাৰৰ, মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে স্বামীসহ পাঁচজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। Photo- Representative ৰাজু পাৱাৰ নামৰ লোকজনে বিভিন্ন গাঁৱত দিন হাজিৰা কৰে। তেওঁৰ নাবালিকা কন্যাই তেওঁৰ সৈতে ৬ মাহ ধৰি বসবাস কৰিছিল। পত্নীয়ে তেওঁৰ নিজৰ পিতৃ–মাতৃৰ সৈতে আছিল। Photo- Representative মমতা পাৱাৰ নামৰ মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে তেওঁৰ স্বামীয়ে তেওঁৰ পৰা দূৰত থকাৰ সময়ত নিজৰে কন্যাক কাকো নজনোৱাকৈ বিয়া কৰাইছিল। আত্মীয়সকলৰ সহযোগত ১ জুনত বিয়া হৈছিল। বিয়াৰ ফটোও পাইছিল অভিযুক্তৰ পত্নীয়ে। ইয়াৰ পিছতে তেওঁ থানাত অভিযোগ দাখিল কৰে। Photo- Representative ৰাজু পাৱাৰ, ৰাজংক্য সদাশিৱ পাৱাৰ, আববু ৰমেশ পাৱাৰ, মুকেশ পাৱাৰ আৰু অজয় ৰমেশ পাৱাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে বাল্য বিবাহ নিষিদ্ধ আইন অনুসৰি গোচৰ ৰুজু কৰা হৈছে। Photo- Representative