

দুজনীক ভাল পাই যুৱকজনে। তেওঁকো ভাল পায় দুয়োগৰাকী যুৱতীয়ে। সেয়েহে কোনোজনীকে দুখ দিয়াৰ ইচ্ছা নাই। তেন্তে কি কৰিব? একেলগে দুই প্ৰেমিকাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল ২৪ বছৰীয়া যুৱকজন। (প্ৰতীকী ফটো)


প্ৰেমিক এজন, প্ৰেমিকা দুজনী। বিয়াৰ কাৰ্ডো ছপোৱা হ’ল সেইদৰেই। অৰ্থাৎ পাত্ৰীৰ নামৰ স্থানত দুই পাত্ৰীৰ নাম। ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল সেই বিয়াৰ কাৰ্ড। (সংগৃহীত ফটো)


ঘটনাটো ছত্তীশগড়ৰ। চান্দু মৌৰ্য নামৰ এজন যুৱকে প্ৰেমত পৰিছিল দুই যুৱতীৰ। বিয়াৰ কথা ওলোৱাত দুয়োগৰাকীকে কথাটো জনালে চান্দুৱে। তাৰ পিছত দুই প্ৰেমিকাৰ পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে বিয়াৰ সিদ্ধান্ত লোৱা হয়। ৫ জানুৱাৰীত এটা মণ্ডপতে দুই প্ৰেমিকাৰ সৈতে সম্পন্ন হয় চান্দুৰ বিয়া।


চান্দু আৰু দুই পত্নী সুন্দৰী কাশ্যপ আৰু হাছিনা বাঘেলৰ বিয়াত নিমন্ত্ৰিত অতিথি আছিল ৫০০জন। সুন্দৰীৰ সৈতে চান্দুৰ পৰিচয় হৈছিল ইলেকট্ৰিকৰ কাম কৰিবলৈ গৈ। আনহাতে, হাছিনাৰ সৈতে চিনাকি হৈছিল বিয়া খাবলৈ গৈ।


চান্দু পেছাত কৃষক। জানিব পৰা মতে, চান্দু প্ৰথমে সুন্দৰী কাশ্যপৰ প্ৰেমত পৰিছিল। তাৰ পিছত সুন্দৰীক ঘৰলৈ আনিছিল। ঠিক এমাহ পিছত বিয়াঘৰত হাছিনাৰ সৈতে পৰিচয় হয়। তাৰ পিছতে প্ৰেমত পৰে হাছিনাৰ।