অত্যন্ত ভোক লাগিছিল, কিন্তু ৰন্ধা-বঢ়াকলৈ তৰ্কা-তৰ্কি লাগিছিল মাতৃ আৰু ভগ্নীৰ মাজত। তেতিয়াই খঙত অগ্নি শৰ্মা হৈ এজন যুৱকে হত্যা কৰিলে নিজ মাতৃ আৰু ভগ্নীক। ঘটনাটো সংঘটিত হৈছে গুজৰাটৰ ৰাজকোটত। আৰক্ষীয়ে জনাইছে যে, দেৱশী ভাটীয়া নামৰ ৪০ বছৰীয়া লোকজনে এই কাণ্ড কৰিছে। সময়ত খাবলৈ নাপাই মাতৃ কস্তুৰ ভাটীয়া(৬৫) আৰু ভগ্নী সংগীতা ভাটীয়া(৩৫)ক হত্যা কৰিলে। জানিব পৰা মতে, শনিবাৰে কামৰ পৰা আহি দেৱশীয়ে দেখে যে, মাতৃ আৰু ভগ্নীয়ে খাদ্য ৰন্ধাই নাই। ৰন্ধা-বঢ়া কৰাকলৈ দুয়োৰে মাজত তৰ্কা-তৰ্কিহে লাগিছে। তেতিয়াই প্ৰচণ্ড খং উঠে দেৱসীৰ। আৰু হাতত এখন চুৰীলৈ আঘাত কৰে মাতৃৃ আৰু ভগ্নীক। আৰক্ষীয়ে জনোৱা মতে, দেৱসীয়ে বাৰে বাৰে মাতৃ আৰু ভগ্নীক কাজিয়া ভংগ কৰি খাদ্য প্ৰস্তুত কৰিবলৈ কৈছিল। কিন্তু মাতৃ আৰু ভগ্নীয়ে দেৱসীৰ কথা একেবাৰে গুৰুত্ব দিয়া নাছিল। ঘটনা সংঘটিত কৰি নিজে আৰক্ষী, আত্মীয় স্বজন আৰু গাওঁবাসীক জনাই দেৱসীয়ে। আৰু নিশাই দেৱসীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।