মন্দিৰলৈ অহা মহিলাক দলৱদ্ধ বলাৎকাৰ কৰি যৌনাংগত ৰ’ড সুমুৱাই দিছিল প্ৰধান পুৰোহিত সত্যনাৰায়ণে! বাদায়ুনত গ্ৰেপ্তাৰ
কামিহাড় আৰু ভৰি ভাঙি দিয়া হৈছিল। এই মৰ্মান্তিক ঘটনাত যন্ত্ৰনাদগ্ধ মৃত্যুক সাৱটিব লগীয়া হৈছিল মহিলাগৰাকীয়ে। ঘটনাৰ পিছতে ভয়ংকৰ সমালোচনা হৈছিল যোগী চৰকাৰৰ। নিন্দা-ধিক্কাৰৰ বৰ্ষণ হৈছিল সমগ্ৰ দেশত।


দেশ জোকাৰি যোৱা উত্তৰপ্ৰদেশৰ বৰ্বৰ বলাৎকাৰ আৰু হত্যা কাণ্ডৰ মূল অভিযুক্ত জালত। অৱশেষত উত্তৰপ্ৰদেশৰ বাদায়ুনত দলৱদ্ধ বলাৎকাৰ তথা হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। অভিযুক্ত স্থানীয় মন্দিৰৰ প্রধান পুৰোহিত ।


অভিযুক্তৰ নাম সত্যনাৰায়ণ । বৃহস্পতিবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। বুধবাৰে সত্যনাৰায়ণৰ দুই সহযোগীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। তেওঁলোকক জেৰা কৰোতে সত্যনাৰায়ণৰ তথ্য লাভ কৰে আৰক্ষীয়ে। প্রতীকী চিত্র ।


যোৱা দেওবাৰে বাদায়ুনৰ এই ভয়াৱহ দলৱদ্ধ বলাৎকাৰ তথা হত্যাকাণ্ডৰ ঘটনা সন্মুখলৈ আহোতে শিয়ৰি উঠিছিল সমগ্ৰ দেশ। পুনৰ সজীৱ হৈছিল নিৰ্ভয়া কাণ্ডৰ স্মৃতি। এই বৰ্বৰ কাণ্ডত দলৱদ্ধ বলাৎকাৰৰ পিছত মধ্যবয়সীয়া মহিলাৰ যৌনাংগত ৰ’ড সুমুৱাই দিয়া হৈছিল। প্রতীকী চিত্র ।


কামিহাড় আৰু ভৰি ভাঙি দিয়া হৈছিল। এই মৰ্মান্তিক ঘটনাত যন্ত্ৰনাদগ্ধ মৃত্যুক সাৱটিব লগীয়া হৈছিল মহিলাগৰাকীয়ে। ঘটনাৰ পিছতে ভয়ংকৰ সমালোচনা হৈছিল যোগী চৰকাৰৰ। নিন্দা-ধিক্কাৰৰ বৰ্ষণ হৈছিল সমগ্ৰ দেশত। প্রতীকী চিত্র ।


ঘটনাৰ তদন্তত নমা আৰক্ষীয়ে জনায়, সেই মহিলাই স্থানীয় মন্দিৰত পূজা দিবলৈ গৈছিল। সন্ধিয়া ৫বজাত ঘৰৰ পৰা বাহিৰ হৈছিল তেওঁ। কিন্তু তাৰপিছত আৰু ঘুৰি নাহিল তেওঁ। ৰাতি ১১টাৰ আশে–পাশে তেওঁক আৰু কোনেও বিচাৰি নাপায়। আৰক্ষী থানাত মহিলাগৰাকী সন্ধানহীন হোৱাৰ গোচৰ দাখিল কৰাৰ পিছতে তদন্তত নামি পৰে আৰক্ষী। প্রতীকী চিত্র ।


ৰাতিৰ ফালে মন্দিৰৰ চাঁদৰ পৰা মহিলাগৰাকীৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰা হয়। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ওলায় মহিলাগৰাকীৰ যৌনাংগত মাৰাত্মক আঘাত কৰা হৈছিল। যৌনাংগত ভৰাই দিয়া হৈছিল ৰ’ড। ইয়াৰ বাহিৰেও তেওঁৰ কামিহাড় তথা ভৰি ভাঙি দিয়া হৈছিল। হাওঁফাওঁতো গধূৰ কিবা সামগ্ৰীৰে আঘাত কৰা হৈছিল। অতিৰিক্ত ৰক্তক্ষৰণৰ কাৰণে মহিলাগৰাকীৰ মৃত্যু হয়। প্রতীকী চিত্র ।