Change Language
মুখ্যপৃষ্ঠা » ফটো » দেশ
কোৰোণা কালত মধ্যবিত্তৰ মূৰত মাধমাৰ, একেকোবে ৫০ টকাকৈ বাঢ়িল ৰন্ধন গেছৰ দাম!
মঙলবাৰে ১৯ কেজিৰ চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ কথা ঘোষণা কৰা হৈছিল। কিন্তু তেল উৎপাদন সংস্থাসমূহে কৈছিল যে ১৪.২ কেজিৰ চিলিণ্ডাৰৰ দাম এতিয়া বৃদ্ধি নাপায়। অথচ ২৪ ঘণ্টাৰ ভিতৰতে সলনি হ’ল সিদ্ধান্ত।
1/ 4


কোৰোণা কালত বহুতৰে অৱস্থা দুখলগা। তাকে আকৌ মূল্যবৃদ্ধিৰ বোজা। এনে অৱস্থাতে সৰ্বসাধাৰণৰ মূৰত আন এক মাধমাৰ শোধালে ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে।
2/ 4


বুধবাৰৰ পৰা ১৪.২ কেজিৰ চিলিণ্ডাৰৰ দাম হ’লগৈ ৬৭০ টকা ৫০ পইচা। কলকাতাত পূৰ্বৰ তুলনাত এই দাম ৫০ টকা বৃদ্ধি পালে।
3/ 4


ইয়াৰ পূৰ্বে মঙলবাৰে ১৯ কেজিৰ চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ কথা ঘোষণা কৰা হৈছিল। কিন্তু তেল উৎপাদন সংস্থাসমূহে কৈছিল যে ১৪.২ কেজিৰ চিলিণ্ডাৰৰ দাম এতিয়া বৃদ্ধি নাপায়। অথচ ২৪ ঘণ্টাৰ ভিতৰতে সলনি হ’ল সিদ্ধান্ত। বুধবাৰে মধ্যৰাতি নতুন দাম নিৰ্ধাৰণ কৰিলে বিতৰণকাৰীয়ে।