দিল্লী বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীৰ অভূতপূৰ্ব বিজয়। ফলাফল ঘোষণাৰ দিনা আম আদমী পাৰ্টীৰ মুখ্য কাৰ্যালয়ৰ সমীপত দেখিবলৈ পোৱা যায় ‘সৰু কেজৰিৱাল’ক। ডিঙিত মাফলাৰ মাৰি, কেজৰিৱালৰ নামেৰে টুপি, চকুত চচমা পিন্ধি সৰু কেজৰিৱালে আকৰ্ষিত কৰে সকলোকে। ১১ ফেব্ৰুৱাৰীৰ দিনা পিতৃ–মাতৃৰ লগত আম আদমী পাৰ্টীৰ মুখ্য কাৰ্যালয়লৈ অহা কণমানি কেজৰিৱালৰ প্ৰকৃত নাম ‘আব্যান’। আব্যানৰ পিতৃ–মাতৃ অৰবিন্দ কেজৰিৱালৰ ডাঙৰ সমৰ্থক। তেওঁলোকে বিচাৰিছে, ডাঙৰ হৈ আব্যান কেজৰিৱালৰ দৰে হওক। কণমানি কেজৰিৱালৰ এখন ফটো আম আদমী পাৰ্টীৰ অফিছিয়েল টুইটাৰ একাউণ্টতো আপলোড কৰা হয়। পিছত সৰ্বত্ৰ ভাইৰেল হৈ পৰে কণমানি কেজৰিৱালৰ ফটো। ফলাফল ঘোষণাৰ দিনা বিভিন্ন ধৰণৰ পষ্টাৰ লৈ দলৰ কাৰ্যালয়ৰ বাহিৰত সমবেত হৈছিল বৃহৎ সংখ্যক আপ সমৰ্থক।