আগন্তুক ডেৰ বছৰত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত ১০ লাখ নিযুক্তিৰ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ফালৰ পৰা টুইটযোগে এই তথ্য জনোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ কোন বিভাগত কিমান খালী পদ আছে জানি লওক।
2/ 7
এই বছৰৰ আৰম্ভণিতে কেন্দ্ৰৰ ফালৰ পৰা সংসদত জনোৱা হৈছিল, ২০২০ চনৰ ১ মাৰ্চৰ হিচাপ অনুযায়ী কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত ৮ লাখ ৭২ হাজাৰ খালী পদ আছে। কেন্দ্ৰীয় চৰকাৰৰ মুঠ অনুমোদিত পদৰ সংখ্যা ৪০ লাখ। য’ত কেন্দ্ৰৰ হাতত কৰ্মচাৰীৰ সংখ্যা আছিল ৩২ লাখ।
3/ 7
ৰাজহ বিভাগত প্ৰায় ৭৪ হাজাৰ খালী পদ আছে বুলি খবৰ। এই বিভাগৰ অনুমোদিত কৰ্মীৰ সংখ্যা ১.৭৮ লাখ
4/ 7
এইপৰ্যন্ত যি তথ্য আহিছে, তাৰ ভিতৰত আটাইতকৈ বেছি খালী পদ আছে ৰে’ল, প্ৰতিৰক্ষা, ডাক আৰু ৰাজহ বিভাগত। ৰে’লৰ ১৫ লাখ অনুমোদিত পদৰ ভিতৰত প্ৰায় ২ লাখ ৩০ হাজাৰ খালী পদ আছে।
5/ 7
ডাক বিভাগত ৯০ হাজাৰ খালী পদ আছে বুলি খবৰ। ডাক বিভাগত অনুমোদিত পদৰ সংখ্যা ২.৬৭ লাখ।
6/ 7
প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনত চিভিল বিভাগত ৬.৩৩ লাখ অনুমোদিত পদ আছে, তাত প্ৰায় আঢ়ৈ লাখ খালী পদ আছে।
7/ 7
গৃহ মন্ত্ৰণালয়ত মুঠ ১০.৮ লাখ অনুমোদিত পদ আছে। তাত ১ লাখ ৩০ হাজাৰ খালী পদ আছে।