গোটেই বছৰটো বিভিন্ন কামত বেংকলৈ যাবলগীয়া হয়। সেয়ে কোনদিনা বেংক বন্ধ থাকিব সেই বিষয়ে জনাটো অত্যন্ত প্ৰয়োজন। বেংকত যাবলগীয়া কোনো কাম থাকিলে চাওক এই তালিকা। নতুন বছৰত জানুৱাৰী মাহত মুঠ ১৬ দিন বন্ধ থাকিব বেংক। ইয়াৰ ভিতৰত থাকিব দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ, চাৰিটা দেওবাৰ আৰু এটা ৰাষ্ট্ৰীয় বন্ধ। ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা জাৰি কৰা তালিকা অনুসৰি, সকলো ৰাজ্যৰ বন্ধৰ পৃথক পৃথক তালিকা লৈ এই তালিকা প্ৰস্তুত কৰা হৈছে। অৰ্থাৎ এখন ৰাজ্যত ১৬ দিন বন্ধ নাথাকে, সকলো ৰাজ্যত বন্ধৰ দিন পৃথক পৃথক হ’ব। সকলো ৰাজ্যৰ বন্ধৰ দিন মিলাই মুঠ ১৬ দিন।
* ১ জানুৱাৰী ২০২১ – নতুন বছৰ * ২ জানুৱাৰী ২০২১ – নতুন বছৰ উদযাপন * ৩ জানুৱাৰী ২০২১ – দেওবাৰ * ৯ জানুৱাৰী ২০২১ – দ্বিতীয় শনিবাৰ * ১০ জানুৱাৰী ২০২১ – দেওবাৰ * ১২ জানুৱাৰী ২০২১ – স্বামী বিবেকানন্দৰ জন্মদিন * ১৪ জানুৱাৰী ২০২১ – মকৰ সংক্ৰান্তি * ১৫ জানুৱাৰী ২০২১ – তিৰুবল্লুবৰ দিবস * ১৬ জানুৱাৰী ২০২১ – উঝাভৰ থিৰুনাল * ১৭ জানুৱাৰী ২০২১ – দেওবাৰ * ২০ জানুৱাৰী ২০২১ – গুৰু গোবিন্দ সিঙৰ জন্মদিন * ২৩ জানুৱাৰী ২০২১ – চতুৰ্থ শনিবাৰ, নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন * ২৪ জানুৱাৰী ২০২১ – দেওবাৰ * ২৫ জানুৱাৰী ২০২১ – ইমোইনো ইৰপা * ২৬ জানুৱাৰী ২০২১ – গণৰাজ্য দিবস * ৩১ জানুৱাৰী ২০২১ – দেওবাৰ