ছচিয়েল মিডিয়াত এতিয়া সৰ্বাধিক চৰ্চিত বিষয় সুস্মিতা সেন আৰু ললিত মোদীৰ প্ৰেম! সুস্মিতাৰ প্ৰেমত ললিত। এই খবৰে এতিয়া অবাক কৰিছে সকলোকে, যিদৰে মিছ ইউনিভাৰ্ছ খিতাপ জিকাৰ পিছত কৰিছিল সুস্মিতাক। ললিত মোদীৰ বয়স ৫৬, সুস্মিতাৰ ৪৬। বয়সৰ পাৰ্থক্য ১০ বছৰ। কিন্তু বয়সক আওকাণ কৰি প্ৰেমত মচগুল প্ৰাক্তন বিশ্ব সুন্দৰী সুস্মিতা আৰু প্ৰাক্তন আইপিএল কৰ্মী ললিত মোদী। ইতিমধ্যে ললিত মোদীয়ে শ্বেয়াৰ কৰিছে তেওঁলোকৰ অন্তৰংগ মুহূৰ্তৰ ফটো। ললিতৰ বিবাহ বিচ্ছেদ হৈছে ২০১৮ চনত। আনহাতে, সুস্মিতাৰো প্ৰেম ভাঙিছে বহুবাৰ। ললিতে নিশ্চিত কৰিছে তেওঁলোকৰ প্ৰেমৰ বিষয়টো। কিছুদিন ধৰি দুয়ো আছে বিদেশ ভ্ৰমণত। সেই ফটো পোষ্ট কৰিছে। প্ৰথমবাৰলৈ একেলগে ফটো পোষ্ট কৰিলে ললিতে! সুস্মিতাক নিজৰ বেটাৰ হাফ অৰ্থাৎ অৰ্ধাংগিনী বুলি কৈছে ললিতে। অৱশ্যে স্পষ্ট কৰিছে যে বিয়া হোৱা নাই তেওঁলোকৰ। কেৱল প্ৰেম। তেওঁলোকৰ নতুন জীৱন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে ললিতে। তেওঁ স্পষ্ট কৰিছে যে প্ৰেম কৰিছে, বিয়া নহয়। ঈশ্বৰৰ আশীৰ্বাদত বিয়াও হ’ব। এতিয়া কেৱল একেলগে থকাৰ কথা ঘোষণা কৰিছে। আৰু সুস্মিতা? তেওঁ সদায় স্পষ্ট বক্তা। নিজৰ মনৰ কথা খুলি কয়। বাৰম্বাৰ প্ৰেমৰ বিষয়ো গোপন কৰা নাই। কিন্তু এই বিষয়টোক লৈ এতিয়া নিমাত। যদিও সুস্মিতাই যি ইনষ্টাগ্ৰাম পোষ্ট কৰিছে সেয়া খুবেই তাৎপৰ্যপূৰ্ণ। সুস্মিতাই সদাই নিজৰ মনৰ কথা খুব স্নিগ্ধভাৱে বুজায়। এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল। তেওঁলোকৰ এই প্ৰেমৰ বিষয়টো এতি সকলো মহলতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইণ্টাৰনেটত ভীষণভাৱে ট্ৰেণ্ড কৰিছে ললিত মোদী আৰু সুস্মিতা সেন।