অযোধ্যাত কোৰোণাৰ পৰা সুস্থ হোৱা ১৫০জন আৰক্ষী মোদীৰ নিৰাপত্তাত, কিয় জানক
উত্তৰপ্রদেশৰ ডিএছপি দীপক কুমাৰৰ কথাযৰে, 'প্রট’কল অনুসৰি প্রধানমন্ত্রীৰ সুৰক্ষাত সুস্থ নিৰাপত্তাৰক্ষীকেই মোতায়েন কৰা হয়। এই মুহূর্তত যিসকলে Covid-19ৰ পৰা সুস্থ হৈ উঠিছে, তেওঁলোকতকৈ স্বাস্থ্যৱান ব্যক্তি আৰু কোনো নাই।’


অযোধ্যাৰ চাকেট কলেজৰ চাদত তৈয়াৰী হেলিপেডত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হেলিকপ্তাৰে অৱতৰণ কৰাৰ পিছতে তেওঁক আৰক্ষীৰ এটা বিশেষ দলে বৃত্তাকাৰে ঘেৰি ৰাখিব। এই দলটোত আছে কোৰোণাৰ পৰা সুস্থ হৈ উঠা আৰক্ষীহে।


প্ৰায় চাৰে এঘাৰটা বজাত মোদীয়ে অৱতৰণ কৰিব অযোধ্যাত৷ কমেও ৩ঘণ্টা অযোধ্যাত থাকিব তেওঁ। এই সময়চোৱাত মোদীৰ আশে পাশে থাকিব ১৫০জনীয়া আৰক্ষীৰ দল। এওঁলোকৰ সকলোৰে শাৰীৰিক পৰীক্ষা সম্পন্ন কৰা হৈছে। Covid-19ৰ পৰা সুস্থ হৈ উঠা এইসকলৰ শৰীৰত এণ্টিবডী তৈয়াৰ হোৱাৰ ফলত আগন্তুক কেইবামাহলৈ এওঁলোকৰ কোৰোণাত আক্ৰান্ত হোৱাৰ ভয় নাই।


উত্তৰপ্রদেশৰ ডিএছপি দীপক কুমাৰৰ কথাযৰে, 'প্রট’কল অনুসৰি প্রধানমন্ত্রীৰ সুৰক্ষাত সুস্থ নিৰাপত্তাৰক্ষীকেই মোতায়েন কৰা হয়। এই মুহূর্তত যিসকলে Covid-19ৰ পৰা সুস্থ হৈ উঠিছে, তেওঁলোকতকৈ স্বাস্থ্যৱান ব্যক্তি আৰু কোনো নাই।’


কোৰোণা মুক্ত নিৰাপত্তাৰক্ষীসকল প্রধানমন্ত্রীৰ প্রথম স্তৰৰ নিৰাপত্তাত থাকিব৷ ডিএছপিয়ে জনায়, তেওঁ যোৱা ২৯জুলাইত ডিজিত পত্ৰযোগে অনুৰোধ কৰিছিল এনে ১৫০জন আৰক্ষীক বিচাৰি যিসকলে ২৫জুলাইৰ ভিতৰত কোৰোণাৰ পৰা মুক্ত হৈছে।


ডিজিপিয়ে জনায়, প্রধানমন্ত্রীৰ সুৰক্ষাৰ কাৰণে ১৫০জন পুলিচকর্মী যথেষ্ট নহয়৷ সেইকাৰণে আৰু ৪০০ সশস্ত্ৰ আৰক্ষী কৰ্মী নিয়োগ কৰা হ’ব। এওঁলোকৰ সকলোৰে কোৰোণা নিগেটিভ আহিছে। তথাপিও তেওঁলোকক আইছ’লেশ্যনত ৰখা হৈছে।