লাইট মেচিনগানৰ পৰা আৰম্ভ কৰি আণ্ডাৰ বেৰেল গ্ৰেণেড লঞ্চাৰ, এটাৰ পিছত আন এটা অত্যাধুনিক অস্ত্ৰ লৈ ছত্তিশগড়ৰ বিজাপুৰত নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ চলায় ৭০০ মাওবাদীয়ে। এই ভয়ংকৰ আক্ৰমণত অসমৰ দুজন বীৰ সন্তানসহ এইপৰ্যন্ত ২২জন জোৱান ছহীদ হয়। নিৰাপত্তা বাহিনীৰ ওপৰত যে আক্ৰমণ হ’ব পাৰে তাৰ আভাস পোৱা গৈছিল। কিন্তু চাৰিওফালৰ পৰা জোৱানসকলক ঘেৰি মাওবাদীয়ে যি আক্ৰমণ চলালে সেয়া অতি সু পৰিকল্পিত আছিল বুলি চৰ্চা চলিছে। এই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হিচাপে নাম উঠিছে সুজাতা নামৰ মহিলা মাওবাদীগৰাকীৰ।
নিৰাপত্তা বিষয়াসকলৰ মতে হাতৰ তলুৱাৰ দৰে সেই ঠাই ভালকৈ পৰিচিত সুজাতা আৰু তেওঁৰ দলৰ। সেয়ে সেই এলেকাত নিৰাপত্তা বাহিনীক ঘেৰি পেলোৱাৰ ষড়যন্ত্ৰ সহজেই কৰিব পাৰে সুজাতাই। অঞ্চলটোত মাওবাদী লুকাই থাকিব পাৰে তাৰ উমান লাভ কৰিয়ে চিআৰপিএফ, এচটিএফ, আৰক্ষীৰ যৌথ বাহিনীয়ে অঞ্চলটোত অভিযান চলায়। কিন্তু জোৱানসকলে আন্দাজ কৰিবই নোৱাৰিলে যে মাওবাদীয়ে আগৰে পৰাই তেওঁলোকৰ কাৰণে জাল পাতি থৈছিল। চিআৰপিএফ বাহিনী সেই অঞ্চলত সুমোৱাৰ লগে লগে তিনি ঠাইৰ পৰা তেওঁলোকক ঘেৰি পেলায় মাওবাদীয়ে। ইয়াৰ পিছতেই এলএমজি, দেশী ৰকেট তথা গ্রেনেডেৰে আক্ৰমণ চলায় তেওঁলোকে। ছহীদ হয় ২২জনকৈ বীৰ জোৱান।