কোচি চহৰৰ আৰক্ষীয়ে খবৰ লাভ কৰে যে, এজোপা গছত খুন্দা খাই গাড়ীখন একেবাৰে ভাঙি চুৰমাৰ হৈছে। গাড়ীত ৪ জন যাত্ৰী আছিল। ঘটনাস্থলীত লগে লগে উপস্থিত হয়গৈ আৰক্ষী। আহত সকলক হাস্পতালত ভৰ্তি কৰোৱা হয়। গাড়ীৰ ভিতৰতে দুগৰাকী মহিলাৰ মৃত্যু হয়। আহত হয় দুগৰাকী পুৰুষ। গাড়ীত যি দুগৰাকী সুন্দৰীৰ স্পট ডেড হয়, দুয়োগৰাকীয়েই আছিল কেৰালাৰ টপ মডেল।