নাৰ্কোটিক্স কোণ্ট্ৰ’ল ব্যুৰোয়ে কানাড়া ছবিৰ জনপ্ৰিয় অভিনেত্ৰী, গায়ক ৰাগিণী দ্বিৱেদীক ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত সোধা-পোছা কৰিছিল। সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ সৈতে এতিয়া সাঙুৰ খাই পৰিছে নিষিদ্ধ ড্ৰাগছ। চিবিআইয়ে এতিয়া বিষয়টো গুৰুত্ব সহকাৰে লৈ আগবাঢ়িছে। তাৰ মাজতে শুকুৰবাৰে কৰ্ণাটক চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী ৰাগিণী দ্বিৱেদীক ড্ৰাগছৰ সৰবৰাহৰ সৈতে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয়। শুকুৰবাৰে অভিনেত্ৰীগৰাকীৰ বেংগালুৰুস্থিত বাসভৱনত তালাচী চলাইছিল চেণ্ট্ৰেল ক্ৰাইম ব্ৰান্সে। কিছুদিন পূৰ্বে বৃহস্পতিবাৰৰ ভিতৰত চেণ্ট্ৰেল ক্ৰাইম ব্ৰান্সৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ অভিনেত্ৰীগৰাকীলৈ নটিচ প্ৰেৰণ কৰা হৈছিল। কিন্তু কানাডাৰ অভিনেত্ৰীগৰাকীয়ে চেণ্ট্ৰেল ক্ৰাইম ব্ৰান্সৰ কাৰ্যালয়লৈ নিজৰ অধিবক্তাক পঠিয়াই সোমবাৰলৈকে সময় বিচাৰে। কিন্তু শুকুৰবাৰে অভিনেত্ৰীগৰাকীৰ বাসগৃহত হঠাত্ ক্ৰাইম ব্ৰান্সৰ দল উপস্থিত হৈ তালাচী চলাই আৰু বহু আপত্তিজনক তথ্যপাতি উদ্ধাৰ কৰে।