এইবাৰৰ দুৰ্গা পূজাত খবৰৰ শিৰোনামলৈ আহিছিল কলকাতাৰ শ্ৰীভূমিৰ ‘বুৰ্জ খালিফা’। ডুবাইৰ বুৰ্জ খালিফাৰ আৰ্হিত নিৰ্মাণ কৰা এই মণ্ডপক লৈ সৃষ্টি হৈছিল হৈ–চৈ। সেই একেই থীমত এই নিৰ্মাণ কৰা হ’ল জলপাইগুৰিৰ বুৰ্জ খালিফা মণ্ডপ। কোৰোণাৰ কথা পাহৰি মানুহে ভিৰ কৰিছিল শ্ৰীভূমিৰ বুৰ্জ খালিফাত। সেই ক্ৰেজ এইবাৰ উত্তৰ বংগত। লপাইগুৰিৰ কালী পূজাত নবাৰুণ সংঘই নিৰ্মাণ কৰিলে বুৰ্জ খালিফাৰ আৰ্হিৰ মণ্ডপ। এই মণ্ডপটোৰ উচ্চতা ১০৪ ফুট। আৰু স্বাভাৱিকভাৱেই পুনৰ মানুহৰ ধল বোৱা দেখা গ’ল এই মণ্ডপত। মণ্ডপৰ চকুতলগা আলোকসজ্জা চাবলৈ সন্ধিয়া হোৱাৰ লগে লগে ভিৰ কৰে জনতাই। কলকাতাৰ শ্ৰীভূমিত ইমানেই ভিৰ হৈছিল যে কোৰোণা বিধিৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ কৰি দিয়া হৈছিল পূজা মণ্ডপ। কিন্তু পুনৰ তেনেই ভিৰ দেখা যায় উত্তৰ বংগৰ ‘বুৰ্জ খালিফা’ত। যদিও পূজা কমিটীৰ সম্পাদকে জনাইছে যে এন্ট্ৰি আৰু একজিট পইণ্টত ৰখা হৈছে যথেষ্ঠ ঠাই। এফালে কোভিডৰ ভয়াৱহতা। তাৰ মাজতে এই মণ্ডপ চাবলৈ লোকাৰণ্য হৈ পৰে পূজা মণ্ডপত। অঞ্চলটোলৈ গৈ কোভিড বিধিৰ বুজ লয় আৰক্ষীয়ে। বৃদ্ধি কৰা হয় ভলেণ্টিয়াৰৰ সংখ্যা। শ্ৰীভূমিৰ পূজাক লৈ যথেষ্ট বিতৰ্ক হৈছে। সেই সকলো পাহৰি এতিয়া জলপাইগুৰিৰ মূল আকৰ্ষণ নবাৰুণ সংঘৰ বুৰ্জ খালিফা।