আনলিমিটেড জিঅ’ টু জিঅ’ কল তথা ১০০০মিনিট পৰ্যন্ত জিঅ’ৰ পৰা অন্য নেটৱৰ্কলৈ কল কৰাৰ ক্ষেত্ৰত ভেলিডিটি থাকিব ৮৪দিন আৰু ৰিচাৰ্জৰ দাম বৃদ্ধি পাই হ’ল ৪৪৪টকা। এই প্লেনত অন্যান্য নেটৱৰ্কলৈ ১০০০মিনিট বিনামূলীয়া কলৰ সুবিধা পোৱাৰ লগতে এই সীমা অতিক্ৰম হ’লে ৬পইচা প্ৰতি মিনিট কলত খৰছ হ’ব। লগতে দৈনিক ২জিবি ইণ্টাৰনেট আৰু ১০০টা এছএমএছ কৰাৰ সুবিধা পাব। ২জিবি দৈনিক ডাটা শেষ হ’লে ইণ্টাৰনেট স্পীড ৬৪ কেবিপিএছত ৰ’ব।