ঝাৰখণ্ডত ধাৰাবাহিক লোডশ্বেডিঙে সাধাৰণ মানুহৰ দৈনন্দিন জীৱন বিপৰ্যস্ত কৰি তুলিছে। দৈনিক কাম–কাজত ব্যাঘাত জন্মিছে। ছচিয়েল মিডিয়াত এই লৈ সাধাৰণ মানুহে নিজৰ ক্ষোভ উজাৰিছে। লোডশ্বেডিঙৰ সমস্যাক লৈ এইবাৰ মুখ খুলিলে তাৰকা ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ পত্নী সাক্ষী ধোনীয়ে। সাক্ষীয়ে বিদ্যুতৰ সমস্যাক লৈ পোনপটীয়াভাৱে চৰকাৰলৈ প্ৰশ্ন কৰিছে।
ঝাৰখণ্ডত স্থাপনত পাৱাৰ প্লাণ্টৰ মুঠ ক্ষমতা প্ৰতিদিনে ৪৮২৬ মেগাৱাট। দৈনিতক বিদ্যুতৰ মুঠ চাহিদা ৪২৪৬ মেগাৱাট। কিন্তু ৰাজ্যখনত মাত্ৰ ১২৪৬ মেগাৱাট বিদ্যুত্ উৎপাদন হৈছে। বাকী ৩০০০ মেগাৱাট বিদ্যুৎ দিল্লী, পঞ্জাব, কেৰালালৈ গৈছে। আনহাতে, ঝাৰখণ্ডত গৰমত বিদ্যুতৰ চাহিদা ২৬০০ মেগাৱাটলৈ বাঢ়িছে। কোনোমতে তাত ২২০০, ২৩০০ মেগাৱাট বিদ্যুৎ উৎপাদন হৈছে।