স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে, এই সকলোবোৰ দেশত কোৰোণা টিকাকৰণৰ কাৰণে বৃহৎ জনসংখ্যাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত হৈছে। মহাৰাষ্ট্ৰ কোভিড-১৯ টাস্ক ফ'ৰ্চৰ সদস্য শশাংক যোশীয়ে কয় যে, ভাৰতত কোৰোণাৰ নতুন ঢৌৰ সম্ভাৱনা কম। ইজৰাইলত পোৱা কোৰোনা ভাইৰাছৰ নতুন প্ৰকাৰটোও উদ্বেগজনক প্ৰকাৰৰ তালিকাত ৰখা হোৱা নাই।