ভাৰতীয় ফুটবলত এতিয়া কৰ্পোৰেট বিনিয়োগ হৈছে। কিছু উন্নত হৈছে ভাৰতীয় ফউটবলৰ পৰিবেশ। কিন্তু তাৰ মাজতো ভাৰতীয় জাতীয় দলক প্ৰতিনিধিত্ব কৰা একাংশ খেলুৱৈৰ আৰ্থিক অৱস্থা এতিয়াও পানীত হাঁহ নচৰা। তাৰে ভিতৰত এগৰাকী হ'ল সংগীতা সোৰেণ। আন্তৰ্জাতিক স্তৰত ভাৰতক প্ৰতিনিধিত্ব কৰা ফুটবলাৰে এতিয়া কাম কৰে ইটাভাটাত। সংসাৰ চলাবলৈ হ'বলগীয়া হৈছে ইটা ভাটাৰ শ্ৰমিক। দেউতাক দুবে সোৰেণ দৃষ্টিহীন। গতিকে পৰিয়াল চলাবলৈ সংগীতাই ইটাভাটাত কাম কৰিবলগীয়া হৈছে। সংগীতাৰ ভাতৃও ইটা ভাটাৰ শ্ৰমিক। ভাতৃৰ নিয়মিয়া ৰোজগাৰ নাই। গতিকে সংগীতা বাধ্য হৈছে এনে কাম কৰিবলৈ। কিছুদিন পূৰ্বে সংগীতাই ঝাৰখণ্ড মুখ্যমন্ত্ৰী হেমন্ত সোৰেণৰ ওচৰত সাহায্য বিচাৰিছিল। কিন্তু আজি পৰ্যন্ত সংগীতাৰ অনুৰোধক গুৰুত্ব নিদিলে চৰকাৰে। শেহতীয়াকৈ সংগীতাৰ এই জীৱন সংগ্ৰামৰ কথা জানি ঝাৰখণ্ড চৰকাৰ আৰু অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনকলৈ চিঠি পঠিয়াইছিল মহিলা সমিতিয়ে। সংগীতাৰ বাবে যাতে এটা চাকৰিৰ ব্যৱস্থা কৰি দিব পাৰে, সেই লৈ লিখিছিল পত্ৰ। অনুৰ্ধ্ব ১৭,১৮ আৰু ১৯ ত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল সংগীতাই। অনুৰ্ধ্ব ১৭স্তৰৰ ফুটবল চেম্পিয়নশ্বীপত সংগীতাই ব্ৰঞ্জ জিকিছিল। ভূটান, থাইলেণ্ডত ভাৰতীয় দলৰ হৈ দুৰ্দান্ত পাৰফৰ্ম কৰিছিল সংগীতাই।