নিজকে ভাল পায়। নিজৰ বাবেই জীয়াই থাকে। বিয়াও হৈছে নিজৰ সৈতেই। এইবাৰ গুজৰাটৰ ক্ষমা বিন্দুৱে নিজৰ সৈতেই সময় কটাবলৈ ৰাওনা হ’ব গোৱালৈ। আগষ্টত গোৱালৈ যাব ২৪ বছৰীয়া ক্ষমা। (সংগৃহীত ফটো) ৯ জুনত বিয়াত বহিছে ক্ষমা। কিন্তু, কোনো পুৰুষ বা মহিলাৰ সৈতে নহয়। ক্ষমাই বিয়া হৈছে নিজৰ লগতে। কাৰণ ছল’গেমী (Sologamy) কৰিছে তেওঁ। উল্লেখযোগ্য যে ভাৰতত প্ৰথমবাৰলৈ কোনোৱে এই পদক্ষেপ লৈছে। (সংগৃহীত ফটো) গাত হালধি, মেহেন্দীৰ পৰা আৰম্ভ কৰি সকলো প্ৰথাই ক্ষমাৰ ঘৰত পালন কৰা হৈছে। ইনষ্টাগ্ৰামত সেই ফটোও শ্বেয়াৰ কৰিছে ক্ষমা বিন্দুৱে। সেয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। (সংগৃহীত ফটো) এইবাৰ ক্ষমা হানিমুনলৈ যাব। তেওঁ জনাইছে, ‘প্ৰত্যেকৰে হানিমুনক লৈ এক উন্মাদনা থাকে। মোৰো আছে। ৭ আগষ্টত গোৱালৈ যাব হানিমুন কটাবলৈ। তাত কটোৱা সকলো মুহূৰ্ত ম’বাইলত বন্দী কৰি ৰাখিব। (সংগৃহীত ফটো) কেৱল হানিমুন নহয়। ১০ আগষ্টত ক্ষমাৰ জন্মদিন। ফলত ডাবল চেলিব্ৰেচন। সেয়ে সেইদৰেই প্লেন কৰিছে। থাকিব আৰামবোল বীচ্চত। গোৱা তেওঁৰ খুব পছন্দৰ স্থান, সেয়ে তালৈ যাব বিচাৰিছে ক্ষমাই। (সংগৃহীত ফটো) হানিমুনৰ কথা শুনিলে কোনে কি ক’ব, আৰু তেওঁ কি উত্তৰ দিব সেয়া ইতিমধ্যে ঠিক কৰি ৰাখিছে ভদোদৰাৰ এই তৰুণীগৰাকীয়ে। (সংগৃহীত ফটো)