উল্লেখ্য যে জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনী আৰু আৰক্ষীৰ দ্বাৰা এই অভিযান আৰম্ভ কৰা হৈছে। বুধবাৰে নিশা নিৰাপত্তাৰক্ষীয়ে শ্বপিয়ানত এটা সন্ত্ৰাসবাদীক হত্যা কৰিছিল। নিৰাপত্তা বিষয়াই জনোৱা মতে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য পোৱাৰ পিছত সুৰক্ষা বাহিনীয়ে জিলাখনৰ জৈনপোৰা অঞ্চলৰ কাশৱা গাঁৱত এটা বেষ্টনী গঢ়ি তালাচী অভিযান আৰম্ভ কৰিছিল আৰু সন্ত্ৰাসবাদীকেইটাক ধৰাশায়ী কৰিছিল।