ৰাফেল যুঁজাৰু বিমানৰ প্ৰথম দলটো ২৯ জুলাই, ২০২০ তাৰিখে ভাৰতত উপস্থিত হৈছিল। ফ্ৰান্সৰ পৰা ৩৬খন যুঁজাৰু বিমানৰ চুক্তিৰ পিছত এতিয়ালৈকে দেশখনত ৩২খন ৰাফেল বিমান অনা হৈছে আৰু এই বছৰৰ এপ্ৰিলৰ ভিতৰত চাৰিখন ৰাফেল জেট আহি পোৱাৰ সম্ভাৱনা আছে। শিৱাংগী সিঙে আটাইতকৈ শক্তিশালী যুঁজাৰু বিমান ৰাফেলৰ স্কোয়াড্ৰন সোণালী কাড়ত একমাত্ৰ আৰু প্ৰথম মহিলা পাইলট হিচাপে যোগদান কৰিছে।