দেশৰ অভিলাসী গগনযান মিছনৰ কাৰণে ভাৰতীয় বায়ুসেনাই মহাকাশ যাত্ৰী নিৰ্বাচনৰ প্ৰথম চৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। বায়ু সেনাই জনোৱা মতে
টেষ্ট পাইলটৰ গভীৰ শাৰিৰীক পৰীক্ষা, প্ৰয়োগশালাত পৰীক্ষা, ৰেডিঅ’লজিকেল পৰীক্ষা, ক্লিনিকেল পৰীক্ষা আৰু মনোবৈজ্ঞানিক বিভিন্ন আয়ামৰ পৰীক্ষা কৰা হৈছে।

বায়ুসেনা সূত্ৰই প্ৰকাশ কৰা মতে প্ৰাৰম্ভিক চৰণৰ প্ৰক্ৰিয়াত ২৫জন টেষ্ট পাইলটে অংশ লয়। ইয়াৰ পিছত কেবাটাও চৰণ অনুষ্ঠিত হ’ব আৰু কেৱল ২–৩টেষ্ট পাইলটেহে অন্তিম সূচীত অন্তৰ্ভুক্ত হ’ব পাৰিব।
বায়ু সেনাই টুইট কৰে যে মিছন গগনযান–ভাৰতীয় বায়ুসেনাই ভাৰতীয় মহাকাশ যাত্ৰীৰ নিৰ্বাচনৰ কাৰণে ইন্সষ্টিটিউট অৱ এয়ৰ’স্পেচত প্ৰথম চৰণ সম্পন্ন কৰিলে। নিৰ্বাচিত টেষ্ট পাইলটে কঠোৰ শাৰিৰীক
অভ্যাসৰ পৰীক্ষা, প্ৰয়োগশালাৰ পৰীক্ষা, ৰেডিঅ’লজিকেল পৰীক্ষা, ক্লিনিকেল পৰীক্ষা আৰু মনোবৈজ্ঞানিক স্তৰৰ কেবাটাও পৰীক্ষাৰ মাজেৰে পাৰ হয়।

প্ৰথম গগনযান মিছনৰ কাৰণে ২০২২চন নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ দ্বাৰা ৩জন মহাকাশ যাত্ৰী প্ৰেৰণ কৰা হ’ব। এই মহাকাশ যাত্ৰীসকলৰ নিৰ্বাচন সশস্ত্ৰ বলৰ টেষ্ট পাইলটৰ মাজৰ পৰা কৰা হ’ব।
ইছৰ’ৰ এজন বিষয়াই জনোৱা মতে বেছিভাগ দেশে এনেধৰণৰ প্ৰথম মিছনৰ কাৰণে টেষ্ট পাইলটহে প্ৰেৰণ কৰে। এই সশস্ত্ৰ বলৰ ওচৰত মহিলা টেষ্ট পাইলট নাই।

প্ৰত্যাশীসকলক ছৰ্টলিষ্ট কৰা হৈছে আৰু নৱেম্বৰ মাহত এওঁলোকক প্ৰশিক্ষণৰ কাৰণে ৰাছিয়ালৈ পঠিওৱা হ’ব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে দেশৰ অভিলাসী
মানৱযুক্ত মহাকাশ মিছন গগনযানৰ কাৰণে ৰাছিয়াই ভাৰতীয় মহাকাশ যাত্ৰীক প্ৰশিক্ষিত কৰিব।

মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লামিদিৰ পুটিনৰ সৈতে আলোচনাৰ অন্তত কৈছিল যে গগনযান পৰিযোজনাৰ কাৰণে ভাৰতীয় মহাকাশ যাত্ৰীসকলৰ প্ৰশিক্ষণত তেওঁলোকে সহায় কৰিব।মোদী আৰু পুটিন দুয়োজনে
গগনযানৰ কাৰণে স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তিৰ অন্তৰালত কৰা সক্ৰিয় কাৰ্যাৱলীৰো স্বাগতম জনাইছিল।