দেশৰ প্ৰথম কোৰোণাৰ ভেকচিনক লৈ ডাঙৰ খবৰ। ভাৰতৰ প্ৰথম কোৰোণাৰ ভেকচিন ‘কোভিছিল্ড’ ৭৩ দিনৰ ভিতৰত উপলব্ধ হ’ব বজাৰত। গুৰুত্বপূৰ্ণ কথাটো হ’ল ৰাষ্ট্রীয় টিকাকৰণ কাৰ্যসূচীৰ অধীনত ভাৰত চৰকাৰে প্ৰতিজন লোককে বিনামূল্যে কোৰোণাৰ ভেকচিন দিব। পুনেৰ বায়’টেক সংস্থা ছেৰাম ইনষ্টিটিউট অব ইণ্ডিয়াই এই ভেকচিন প্ৰস্তুত কৰিছে।
কোভিছিল্ড ভেকচিন ১৭টা কেন্দ্ৰত ১৬০০ জনৰ মাজত পৰীক্ষা কৰা হৈছে। প্ৰতিটো কেন্দ্ৰৰ প্ৰায় ১০০জনক কোৰোণাৰ ভেকচিন দিয়াৰ চেষ্টা কৰা হৈছে। এষ্ট্রা জেনিকা নামৰ এটা সংস্থাৰ পৰা এই ভেকচিন প্ৰস্তুতৰ স্বত্ব কিনিছে ছিৰাম ইনষ্টিটিউটে। ইয়াৰ ফলত ভাৰত আৰু ৯২খন দেশত এই কোৰোণাৰ ভেকচিন বিক্ৰী কৰিবলৈ সক্ষম হ’ব ছিৰাম ইনষ্টিটিউট।