

উপহাৰ হিচাপে প্ৰথমে বাংলাদেশ, নেপাল, ভূটান আৰু মালদ্বীপক কোৰোণাৰ টিকা প্ৰদান কৰিছিল ভাৰতে। এতিয়া সেই টিকা কিনিব বিচাৰিছে বিশ্বৰ আৰু প্ৰায় ৯২খন দেশে।


ইয়াৰ ভিতৰত আছে থাইলেণ্ড, ছিছিল, শ্ৰীলংকা, আফগানিস্তান, মৰিছাছ আৰু বহুতো। প্ৰতিৱেশী প্ৰায় আটাইকেইখন দেশৰ পৰা ভেকচিন প্ৰেৰণৰ বাবে অনুৰোধ আহিছে ভাৰতলৈ।


ব্ৰিকছৰ অন্তৰ্ভুক্ত দেশসমূহৰ ভিতৰত ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাই ভাৰতৰ পৰা ভেকচিন কিনাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। ইয়াৰ উপৰি জাপান, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া, ফিলিপাইন, ইণ্ডোনেছিয়া, ভিয়েটনাম, থাইলেণ্ড আৰু ছিংগাপুৰেও ভাৰতত প্ৰস্তুত হোৱা প্ৰতিষেধক কিনাৰ আগ্ৰহ প্ৰকাশ কৰিছে।


বিগত শনিবাৰৰ পৰা দেশত টিকাকৰণৰ কাম আৰম্ভ হৈছে। ভেকচিনেচনৰ উদ্বোধনী অনুষ্ঠানত এক বক্তৃতাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, মানৱতাৰ স্বাৰ্থত দেশত প্ৰস্তুত হোৱা কোৰোণাৰ ভেকচিন প্ৰতিৱেশী আৰু বন্ধু ৰাষ্ট্ৰসমূহলৈ সৰবৰাহৰ বাবে অংগীকাৰবদ্ধ ভাৰত।


ইতিমধ্যে মাস্ক, পিপিই কিট, ভেণ্টিলেটৰ, টেষ্টিং কিট বিভিন্ন দেশলৈ ৰপ্তানি কৰিছে ভাৰতে। ইয়াৰ লগতে ‘মেড ইন ইণ্ডিয়া’ কোৰোণা ভেকচিনো বিভিন্ন দেশলৈ পঠাবলৈ প্ৰস্তুত ভাৰত।