চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ CEO আদাৰ পুনাৱালাই জনাইছে যে, দেশে কোভিড-১৯ টিকাকৰণ ২০২১ৰ জানুৱাৰীৰ ভিতৰত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। কাৰণ তেওঁ আশাবাদী যে, জৰুৰী সময়ত ভেকচিন প্ৰয়োগৰ বাবে লাভ কৰিব অনুমোদন। শনিবাৰে দ্যা ইকোনমিক টাইমছ গ্লোবেল বিজনেছ চামিটত অংশগ্ৰহণ কৰি SII-ৰ CEOই আশা কৰে যে, ২০২১ চনৰ অক্টোবৰৰ ভিতৰত ভাৰতৰ প্ৰতিগৰাকী লোককে টিকা দিয়াৰ সম্ভাৱনা আছে। ফলত অক্টোবৰৰ পৰাই দেশলৈ উভতি আহিব স্বাভাৱিক জীৱনযাত্ৰা।