

পুলৱামা আক্ৰমণক নিজৰ সাফল্য আখ্যা দি পাকিস্তানী মন্ত্ৰীয়ে দেশখনৰ সংসদত দিয়া ভাষণক হাথিয়াৰ হিচাপে লৈ আন্তৰ্জাতিক মঞ্চত পাকিস্তানক বিপাঙত পেলোৱাৰ দিশে আগবাঢ়িছে ভাৰত। খবৰ অনুসৰি, পাকিস্তানৰ মন্ত্ৰী ফাওয়াদ চৌধুৰীৰ মন্তব্যক প্ৰমাণ হিচাপে দেখুৱাই পাকিস্তানক ব্লেক লিষ্টেড কৰাৰ বাবে ফিনান্সিয়েল অকশ্যন টাস্ক ফোৰ্চ বা FATFত আবেদন জনাব ভাৰতে।


বৃহস্পতিবাৰে পাকিস্তান সংসদত দেশখনৰ মন্ত্ৰী ফাওয়াদ চৌধুৰীয়ে কৈছিল যে, পুলৱামাৰ আক্ৰমণ ইমৰাণ খানৰ নেতৃত্বাধীন পাকিস্তান চৰকাৰৰ এক ডাঙৰ সাফল্য। তেওঁ দাবী কৰিছিল যে, পুলৱামাত যি সাফল্য লাভ কৰা হৈছিল. সেই সাফল্য ইমৰাণ খান চৰকাৰৰ নেতৃত্বত এই দেশৰ সাফল্য। আপোনালোক সকলোৱে এই সাফল্যৰ বাবে ডাঙৰকৈ কওক- ‘ভাৰতৰ মাটিত প্ৰৱেশ কৰি আমি তেওঁলোকক মাৰিছো।’


২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামাৰ চি আৰ পি এফৰ এখন কনভয়ত আক্ৰমণ কৰিছিল সন্ত্ৰাসবাসীয়ে। এই আক্ৰমণত ৪০ জনৰো অধিক সেনা নিহত হৈছিল। এই ঘটনাৰ পিছত ভাৰতে একাধিক প্ৰমাণৰ জৰিয়তে পাকিস্তান জড়িত থকাৰ অভিযোগ আনিছিল। কিন্তু সেই সকলো অভিযোগ অস্বীকাৰ কৰিছিল পাকিস্তানে।


নিজৰ এই বক্তব্যক ছাফাই দিবলৈ গৈ পাকিস্তানৰ মন্ত্ৰী ফাওয়াদ চৌধুৰীয়ে এতিয়া দাবী কৰিছে যে,‘মই পুলৱামাৰ পৰৱৰ্তী সময়ত পাকিস্তানৰ ভুমিকাৰ কথা কৈছিলো।ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ পৰিবেশ সৃষ্টি কৰিবলৈ আমাৰ কোনো ইচ্ছা নাই।’


পাকিস্তানৰ মন্ত্ৰীৰ বক্তব্যক হাথিয়াৰ হিচাপে লৈ ভাৰতে FATFৰ কাষ চপা উচিত। এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙৰ। যাতে তেওঁলোকক কোনেও আৰ্থিক অনুদান নিদিয়ে।