

ভাৰতসহ বিশ্বৰ বহু দেশত কোৰোণা ভেকচিনৰ গৱেষণা অন্তিম পৰ্যায় পাইছে। Moderna আৰু Pfizerৰ দাবী, ভেকচিনৰ পৰীক্ষা প্ৰায় সম্পন্ন হৈছে আৰু সেয়া ৯৫ শতাংশ নিৰাপদ। সংস্থাসমূহে পৰীক্ষাৰ ভাল ফলাফলৰ বাবে উৎপাদন আৰম্ভ কৰিছে।


সেয়ে ভেকচিন কিনা বা ব্যৱসায়ৰ বাবে বৃহৎ দেশসমূহৰ মাজত চলিছে প্ৰতিযোগিতা। এনে পৰিস্থিতিত ভাৰতে ডেৰশ মিলিয়ন ড’জ ভেকচিন কিনাৰ বাবে অগ্ৰিম বুকিং কৰিছে।


ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদনত কোৱা হৈছে, কোভিড–১৯ ভেকচিন ড’জ কিনাৰ প্ৰতিশ্ৰুতি অনুসৰি ভাৰত তৃতীয় স্থানত আছে। আমেৰিকা আৰু ইউৰোপীয় ইউনিয়ন আছে ভাৰতৰ আগত। এই প্ৰতিবেদন ডিউক বিশ্ববিদ্যালয়ৰ স্কেল স্পিডোমিটাৰ ইনষ্টিটিউটৰ উদ্যোগৰ ভিত্তিত তৈয়াৰ কৰা হৈছে, যিটো নিম্ন আয়ৰ দেশসমূহত স্বাস্থ্যৰ বিকাশ আৰু গুৰুত্ব বিচাৰ কৰে।


ইউৰোপীয় ইউনিয়নে ৭৬ কোটিৰো অধিক ড’জ কিনিবলৈ স্বাক্ষৰ কৰিছে। সম্ভাৱ্য ১.৫ বিলিয়ন ড’জ কিনা আৰু ১ বিলিয়ন ড’জ বুকিংসহ আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰায় ২.৬ বিলিয়ন ড’জৰ বাবে স্বাক্ষৰ কৰিছে। যাৰ অৰ্থ এয়াই যে দেশৰ সম্পূৰ্ণ জনসংখ্যাক একাধিকবাৰ টিকা দিব পাৰিব আমেৰিকাই।


প্ৰথমে কাক ভেকচিন দিয়া হ’ব তাৰ তালিকা প্ৰস্তুত কৰিছে ভাৰতে। সম্পূৰ্ণ ভেকচিন কাৰ্যকৰী হোৱাৰ পিছত কিদৰে হ’ব টিকাকৰণ, সেই বিষয়েও দেশৰ বিশেষজ্ঞ গোষ্ঠীয়ে কাম কৰি আছে।