দেশত তীব্ৰ গতিত বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যই অতিক্ৰম কৰিছে ১ লাখ ৯০ হাজাৰৰ ঘৰ। দৈনিক সংক্ৰমণৰ হাৰ ১১.৫ শতাংশ। মৃত্যু হৈছে ৪৪২ জনৰ।
2/ 8
এই মুহূৰ্তত দেশত কোৰোণাৰ এক্টিভ কেচৰ সংখ্যা ৯৫৫,৩১৯। সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা বাঢ়িল ৩,৬০,৭০,৫১০লৈ। বিগত ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ৬০,৪০৫ জন। অমিক্ৰণ ভেৰিয়েণ্টত আক্ৰান্ত ৪৮,৬৮৯। দৈনিক আক্ৰান্তৰ সংখ্যালৈ চালে আজিৰ সংখ্যা ২১১ দিনৰ ভিতৰত ৰেকৰ্ড।
3/ 8
আগন্তুক কেইটামান দিনৰ ভিতৰত সংক্ৰমণৰ সংখ্যা বহু পৰিমাণে বাঢ়িব। মুম্বাইত গ্ৰাফ বঢ়া আৰম্ভ হৈছে। এই মত বিশেষজ্ঞৰ।
4/ 8
জানুৱাৰী মাজভাগৰ পৰা শেষ পৰ্যন্ত কোৰোণাৰ সংক্ৰমণে ভয়ংকৰ ৰূপ লব। এই আশংকাৰ কথা ইতিমধ্যে ব্যক্ত কৰিছে আইআইটি কানপুৰৰ অধ্যাপক মনীন্দ্ৰ আগৰৱালে।
কেৱল অধ্যাপক আগৰৱালেই নহয়, ইয়াৰ পূৰ্বে Institute for Health Metrics and Evaluation-ৰ ফালৰ পৰাও একে কথাই কোৱা হৈছিল। জনাইছিল যে, জানুৱাৰীৰ শেষ অথবা ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিৰ পৰা সংক্ৰমণৰ হাৰ ব্যাপক ৰূপত বাঢ়িব।
8/ 8
জনাইছিল যে, যদি লকডাউন নহয়, তেন্তে সংক্ৰমণ আগন্তুক মাৰ্চ মাহ পৰ্যন্ত সংক্ৰমণ চলি থাকিব।