দেশত আকৌ বাঢ়িছে কোৰোণা ভাইৰাছৰ সংক্ৰমণ। বিগত ২৪ ঘণ্টাত নতুনকৈ কোৰোণাত আক্ৰান্ত হৈছে ৩৯ হাজাৰ ০৭০ জন লোক। ইয়াৰ লগে লগে দেশত মুঠ কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পালে ৩১,৯৩৪,৪৫৫ জনলৈ। কালিৰ দিনটোৰ তুলনাত মৃত্যুৰ সংখ্যা হ্ৰাস পালেও দৈনিক মৃত্যু ৫০০ৰ ওচৰা-ওচৰিতে আছে। কালিৰ দিনটোত কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় ৪৯১ জন লোকে। বেছিভাগ ৰাজ্যত সংক্ৰমণৰ সংখ্যা হ্ৰাস পালেও উদ্বেগজনক ভাবে বৃদ্ধি পাইছে মহাৰাষ্ট্ৰত। কেৱল আক্ৰান্তৰ সংখ্যাই ২০ হাজাৰৰ তললৈ নমা নাই। দক্ষিণৰ এই ৰাজ্যত বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা ২০ হাজাৰ ৩৬৭। আনহাতে মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা ৬ হাজাৰ ৬১। দেশত সৰ্বমুঠ কোৰোণা আক্ৰান্তৰ হাৰ সামান্য হ্ৰাস পাই হৈছেগৈ ৬.৬৫ শতাংশ। যদিও বিগত ২৪ ঘণ্টাত সংক্ৰমণৰ হাৰ বাঢ়িছে। বিগত ২৪ ঘণ্টাত দেশত কোভিড সংক্ৰমণৰ হাৰ ২.২৭ শতাংশ। আক্ৰান্তৰ তুলনাত বিগত ২৪ ঘণ্টাত সুস্থ হোৱা লোকৰ সংখ্যা কিছু অধিক। বিগত ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ৪৩ হাজাৰ ৯১০ জন। বিগত ২৪ ঘণ্টাত ভাৰতত মুঠ ১৭ লাখ ২২ হাজাৰ ২২১গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হৈছিল।