দেশত সামান্য কমিল দৈনিক কোৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা। দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে জাৰি কৰা তথ্য অনুসৰি, দেশত বিগত ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্তৰ সংখ্যা ৩ লাখ ৩৩ হাজাৰ ৫৩৩জন। শুকুৰবাৰে দেশৰ কোৰোণা আক্ৰান্তৰ সংখ্যা আছিল ৩ লাখ ৩৭ হাজাৰ ৭০৪জন। শনিবাৰে সামান্য হ্ৰাস পাইছে। অৱশ্যে বৃদ্ধি পাইছে দৈনিক সংক্ৰমণ আৰু মৃত্যুৰ সংখ্যা। শনিবাৰে আক্ৰান্তৰ হাৰ আছিল ১৭.২২ শতাংশ, দেওবাৰে সেয়া সামান্য বৃদ্ধি হৈ ১৭.৭৮ শতাংশ হয়। দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৩ কোটি ৯১ লাখলৈ। বিগত ২৪ ঘণ্টাত সমগ্ৰ দেশত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হয় ৫২৫জন লোকৰ। দেশত এতিয়াও কোৰোণাত আক্ৰান্তৰ তালিকাত প্ৰথম স্থানত আছে মহাৰাষ্ট্ৰ। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ৪৬ হাজাৰ ৩৯৩জন কোৰোণাত আক্ৰান্ত হৈছে। মৃত্যু হৈছে ৪৮জনৰ। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ মতে, দেশত বিগত ২৪ ঘণ্টাত ৭১ লখৰো অধিক কোৰোণাৰ টিকা প্ৰদান কৰা হৈছে। ইয়াৰ ফলত দেশত মুঠ ১৬১ কোটি ৯২ লাখ লোকে লাভ কৰিলে ভেকচিন।