দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত কোৰোণাৰ ত্ৰাস। ১০ গৰাকী ন্যায়াধীশ কোৰোণাত আক্ৰান্ত। ফলত আজিৰে পৰা নবহিব উচ্চতম ন্যায়ালয়ৰ তিনিখন বেঞ্চ। তথ্য : ৰাজীৱ চক্ৰৱৰ্তী। উচ্চতম ন্যায়ালয়ৰ চাৰি শৰো অধিক কৰ্মী কোৰোণাত আক্ৰান্ত। সৰ্বোচ্চ ন্যায়ালয়ত কোৰোণা পজিটিভৰ হাৰ ৩০ শতাংশ। বিগত ১০ দিনত উচ্চতম ন্যায়ালয়ত আক্ৰান্ত ন্যায়াধীশৰ সংখ্যা দুগুণ হ’ল। প্ৰতীকী ফটো। সূত্ৰ অনুসৰি, মুঠ ৩২ গৰাকী ন্যায়াধীশৰ ভিতৰত কোৰোণাত আক্ৰান্ত হৈছে ১০ জন। ইতিমধ্যে ইয়াৰ ভিতৰৰ দুগৰাকী সুস্থ হৈ উঠিছে। কিন্তু বাকী ৮গৰাকী আক্ৰান্ত ন্যায়াধীশ ছুটীত আছে। বিগত ২৪ ঘণ্টাত দেশত কোৰোণাত আক্ৰান্ত হৈছে ২ লাখ ৮২ হাজাৰ ৯৭০ জন। সোমবাৰৰ তুলনাত এয়া ১৮.৯ শতাংশ বেছি। বিগত ২৪ ঘণ্টাত দেশত ৪৪১ জন কোৰোণা ৰোগীৰ মৃত্যু হৈছে। সকলো মিলাই কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪ লাখ ৮৭ হাজাৰ ২০২জনৰ। দেশত ১৯ জানুৱাৰীলৈ কোৰোণাত আক্ৰান্তৰ সংখ্যা ৩ কোটি ৭৯ লাখ ১ হাজাৰ ২৪১জন।