একেদৰে মৃত্যুৰ সংখ্যাও কিছু পৰিমাণে হ্ৰাস পাইছে। বিগত ৭ দিনৰ মৃত্যুৰ গড় সংখ্যালৈ চালে বুজা যায় যে প্ৰায় ১৮ শতাংশ হ্ৰাস পাইছে। ১৮ মে’ত ৪,০৪০জন লোকৰ মৃত্যু হৈছিল। বৰ্তমান গড় মৃত্যুৰ সংখ্যা ৩,৩৪৪। তথাপি কোৰোণাত মৃত্যুৰ সংখ্যাক লৈ উদ্বিগ্নতা এতিয়াও আছে। বৰ্তমানো মৃতকৰ সংখ্যা ৩ হাজাৰৰ তললৈ নমা নাই। শনিবাৰে ৩,০৮০জন ৰোগীৰ মৃত্যু হয়।