২৬ জুলাই, ১৯৯৯। এই দিনটো এক স্মৰণীয় দিন। প্ৰতিবছৰে ২৬ জুলাইৰ দিনটো পালন কৰা হয় কাৰ্গিল বিজয় দিৱস হিচাপে। এই দিনটোতে দেশমাতৃৰ বাবে যুঁজি ছহিদ হৈছিল বহু ভাৰতীয় বীৰ সেনা। File Photo প্ৰায় দুমাহ ধৰি চলিছিল কাৰ্গিল যুদ্ধ। ২১ বছৰ পূৰ্বে এই দিনটোতে পাকিস্তানী সেনাক পৰাভূত কৰি যুদ্ধত বিজয়ী হৈছিল ভাৰতী সেনা বাহিনী। পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনা বাহিনীৰ এই যুদ্ধক নাম দিয়া হয় ‘অপাৰেচন বিজয়’। File Photo প্ৰায় দুমাহ ধৰি চলিছিল কাৰ্গিলৰ যুদ্ধ। ২১ বছৰ পূৰ্বে এই দিনটোতে পাকিস্তানী সেনা আৰু পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ আক্ৰমণ ৰোধ কৰি যুদ্ধত জয়ী হৈছিল ভাৰতীয় সেনা বাহিনী। File Photo ৫২৭জন বীৰ সেনাৰ বলিদানৰ অন্তত অৱশেষত পাকিস্তানী সেনাক পিছুৱাই যাবলৈ বাধ্য কৰিছিল ভাৰতীয় সেনা বাহিনীয়ে। ২৬ জুলাইৰ দিনটো ‘কাৰ্গিল বিজয় দিবস’ হিচাপে অত্যন্ত তাৎপৰ্যপূৰ্ণ সমগ্ৰ দেশবাসীৰ বাবে। File Photo প্ৰায় ৬০ দিন ধৰি চলিছিল কাৰ্গিলৰ যুদ্ধ। মে’–জুলাই মাহৰ মাজত হৈছিল এই যুদ্ধ। ভাৰতীয় সেনাক এই যুদ্ধত সহায় কৰিছিল বায়ুসেনায়ো। ১৯৯৯ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ সমাপ্তি উপলক্ষে ২৬ জুলাইৰ দিনটো পালন কৰা হয় কাৰ্গিল বিজয় দিবস হিচাপে। File Photo