ৰয়েল ৰাজস্থান অন হুইলছ : ৰাজস্থানৰ ৰাজপুত মেজাজৰ পৰশ পাবলৈ উঠিব লাগিব এই ৰে’লখনত। দিল্লীৰ পৰা উঠি চাব পাৰিব ৰাজপুতানা প্ৰদেশৰ সমগ্ৰ অঞ্চলসমূহ। এই ৰে’লখনত ১৬টা ডবা আৰু দুটা ছুপাৰ ডিলাক্স ছেলুন আছে। প্ৰতিটো ডবাৰ নাম হৈছে ৰাজস্থানৰ বিভিন্ন প্ৰাসাদৰ নাম অনুসৰি। যেনে ফুল মহল, পদ্মিনী মহল। ৰে’লতে স্পা সেৱা পোৱা যায় ইয়াত। এই ৰে’লত যাত্ৰা কৰিবলৈ খৰচ হয় ৩ লাখ ৭৮ হাজাৰ টকা।