মহাৰাষ্ট্ৰৰ বিড জিলাত সংঘটিত এটা কৰুণ আৰু লোমহৰ্ষক ঘটনাই হতবাক কৰি তুলিছে দেশবাসীক। এগৰাকী নাবালিকা তথা বিবাহিত ছোৱালীক ৪০০জন লোকে ধৰ্ষণ কৰাৰ কথা পোহৰলৈ আহিছে। জিলাখন আৰক্ষী অধীক্ষক ৰাজা ৰামাস্বামীয়ে এই তথ্য সদৰী কৰিছে। যোৱা ছমাহ ধৰি নিৰন্তৰ ধৰ্ষণৰ বলি হৈ আহিছে তেওঁ৷ তেওঁ আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ সময়তো যৌন উৎপীড়নৰ ঘটনা সংঘটিত হৈছে। Photo - Representative