ইণ্ডিয়ান কাইঞ্চিল অৱ মেডিকেল ৰিচাৰ্ছ ( ICMR)ৰ সৈতে যৌথ ভাবে ভাৰত বায়’টেকে প্ৰস্তুত কৰা কোৰোণাৰ ভেকচিন ‘কোভাক্সিন (COVAXIN)’ বজাৰলৈ আহিব ২০২১ত! ভাৰতত প্ৰস্তুত হোৱা কোৰোণাৰ ভেকচিৰ ট্ৰায়েল এতিয়া শেষ পৰ্যায়ত। এই মাহৰ শেষ ফালে আৰম্ভ হ’ব শেষ পৰীক্ষা-নিৰীক্ষা। এতিয়ালৈকে হোৱা ট্ৰায়েলৰ সন্দৰ্ভত বিশেষজ্ঞৰ দলে কৈছে যে, কোভাক্সিন সম্পূৰ্ণ সুৰক্ষিত আৰু নিৰাপদ। আগন্তুক বছৰত দ্বিতীয় ভাগত ভাৰত বায়টেক আৰু আই চি এম আৰে প্ৰস্তুত কৰা কোভাক্সিন বজাৰলৈ অনাৰ পৰিকল্পনা কৰিছে। ICMR-ৰ গৱেষক, ৰজনীকান্ত স্পষ্টকৈ জনাইছে যে, এই পৰ্যন্ত ট্ৰায়েল নিৰাপদ ও কাৰ্যকৰী হিচাপে পৰিগণিত হৈছে কোভাক্সিন। কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা কোভিড১৯ টাস্ক ফোৰ্চৰ সৈতে জড়িত হৈ আছে গৱেষক ৰজনীকান্ত। যিভাবে পৰীক্ষা আগবাঢ়িছে, সেই দিশটোলৈ চাই আশা কৰিব পাৰি যে, ২০২১ৰ ফেব্ৰুৱাৰী মাহত বজাৰলৈ আহিব ভাৰতত প্ৰস্তুত হোৱা কোৰোণাৰ ভেকচিন। এয়াই কাৰ্যত ৰূপ পালে, দেশত প্ৰথম কোৰোণাৰ ইনজেকশ্যন হিচাপে কোভাক্সিনেই আত্মপ্ৰকাশ কৰিব। যোৱা ২৪ ঘণ্টাত দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা ৫০,২০১ জন। ২৪ ঘণ্টাত মৃত্যু হৈছে ৭০৪ জনৰ।