

খং আৰু নিচাৰ বশৱৰ্তী হৈ মানুহে কেতিয়া নিজৰ মনুষ্যত্ব জ্ঞান হেৰুৱাই পেলাই সেয়া নিজেও নাজানে। নিজৰ সন্তানক মৃত্যুৰ মুখলৈ ঠেলি দিবলৈও কুণ্ঠাবোধ নকৰিলে এজন নিষ্ঠুৰ পিতৃয়ে। তেনে এক ঘটনাই সংঘটিত হ’ল হায়দৰাবাদত। (প্ৰতীকী ফটো)


নিজৰ ১০ বছৰীয়া পুত্ৰক জ্বলাই দিলে নিচাগ্ৰস্ত পিতৃয়ে। গুৰুতৰভাৱে আহত কিশোৰটিক ভৰ্তি কৰা হয় হাস্পতালত। অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। (প্ৰতীকী ফটো)


আৰক্ষীৰ সূত্ৰ মতে, বিগত দেওবাৰে নিশা পুত্ৰক বিড়ি আৰু দিয়াচলাই আনিবলৈ কৈছিল লোকজনে। পুত্ৰই ঘৰলৈ উভতি অহাত খঙত অগ্নিশৰ্মা হৈ পৰে লোকজন। (প্ৰতীকী ফটো)


কিশোৰটি ষষ্ঠ শ্ৰেণীত পঢ়ে। কিন্তু পঢ়া–শুনাত মনোযোগ নিদিয়ে আৰু নিয়মিত টিউচনলৈ নাযায়। এনেকুৱা ধৰণৰ অভিযোগ তুলি শিশুটিক প্ৰহাৰ কৰে পিতৃয়ে। কিশোৰটিৰ মাতৃয়ে বচাবলৈ যোৱাত লোকজনে ঘৰৰ পৰা উলিয়াই দি দুৱাৰ বন্ধ কৰি দিয়ে। (প্ৰতীকী ফটো)


ইয়াৰ পিছতে খঙত অন্ধ হৈ লোকজনে পুত্ৰৰ গাত কেৰাচিন তেল ঢালি দোকানৰ পৰা কিনি অনা দিয়াচলাইৰে জ্বলাই দিয়ে। নিজৰ জীৱন ৰক্ষা কৰিবলৈ কোনোমতে ঘৰৰ পৰা বাহিৰলৈ দৌৰ মাৰে কিশোৰটিয়ে।


জ্বলন্ত অৱস্থাতে শিশুটি পথৰ এটি গাঁতত পৰি যায়। প্ৰতিৱেশীসকলে ঘটনাটো দেখি দৌৰি আহে। লগে লগে গাত পানী ঢালি জুই নুমুৱাই স্থানীয় লোকসকলে। তাৰ পিছতে শিশুটিক হাস্পতাললৈ প্ৰেৰণ কৰা হয়। (প্ৰতীকী ফটো)