বৰ্তমান সময়ত প্ৰতিদিনেই সংঘটিত হয় নাৰী নিৰ্যাতনৰ ঘটনা। ক’ৰবাত বলাৎকাৰ, ক’ৰবাত হত্যা। এইবাৰ পোহৰলৈ আহিছে আন এক জঘন্য ঘটনা। Photo- Representative এইবাৰ পোহৰলৈ আহিছে এক নাৰকীয় অত্যাচাৰৰ ঘটনা। নিজৰ পত্নীৰ গোপন অংগত জুই লগাই দিলে খোদ স্বামীয়ে। কেৰাচিন তেল ঢালি স্বামীয়ে জ্বলাই দিলে পত্নীক। Photo- Representative ঘটনাটো ঘটিছে বেংগালুৰুৰ ৰামমূৰ্তি নগৰত। অভিযুক্ত লোকজনৰ নাম সুৰজ। বিগত বুধবাৰৰ পৰা পতি–পত্নীৰ মাজত সৃষ্টি হৈছিল কাজিয়া। Photo- Representative প্ৰতিবেশীসকল আগবাঢ়ি আহি প্ৰত্যক্ষ কৰে অগ্নিদগ্ধ মহিলাগৰাকীক। তৎপৰতাৰে স্থানীয় লোকে জুই নিৰ্বাপন কৰি মহিলাগৰাকীক ভৰ্তি কৰায় হাস্পতালত। Photo- Representative হাস্পতালত মুৰ্মূষু অৱস্থাত মহিলাগৰাকীয়ে জনায় কিদৰে স্বামীয়ে কাজিয়াৰ সময়তে গোপন অংগত জুই লগাই দিয়ে। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। অভিযুক্ত লোকজন বৰ্তমান পলাতক। Photo- Representative