

কোনো ছবিৰ কাহিনী নহয়, একেবাৰে বাস্তৱ ঘটনা। প্ৰেমিকাৰ ওচৰত স্বামীক বিক্ৰী কৰিলে পত্নীয়ে। ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ভূপালত।


দম্পতিটোৰ সৰুজনী ছোৱালীয়ে অভিযোগ দাখিল কৰাৰ পিছত ঘটনাটো পোহৰলৈ আহে। নাবালিকাগৰাকীৰ অভিযোগ মতে, তেওঁৰ পিতৃৰ অন্য নাৰীৰ সৈতে সম্পৰ্ক আছিল। যাৰ বাবে প্ৰতি দিনেই নিশা পিতৃ-মাতৃৰ মাজত কাজিয়া লাগে। যাৰ ফলত পঢ়া-শুনাতো ক্ষতি হৈছিল নাবালিকাৰ।


ইয়াৰ পিছতে আৰক্ষীয়ে মাতি পঠিয়াই স্বামী আৰু স্ত্ৰীক। আৰু অৱশেষত স্বামীয়ে স্বীকাৰ কৰে যে, এগৰাকী অফিচৰ সহকৰ্মীৰ সৈতে সম্পৰ্ক আছিল তেওঁৰ। আনকি পত্নীক এৰি প্ৰেমিকাৰ সৈতে সংসাৰ কৰিবলৈ বিচাৰিছিল ব্যক্তিজনে।কিন্তু পত্নীয়ে কোনো কাৰণতে বিবাহ বিচ্ছেদ কৰিবলৈ ৰাজি নহ’ল।


অৱশেষত চৰ্ত সাপেক্ষে স্বামীক ডিভোৰ্চ দিবলৈ সন্মত হয় পত্নী। পত্নীৰ চৰ্ত অনুসৰি, স্বামীৰ প্ৰেমিকাই তেওঁক দিব লাগিব এটা বিলাসী ফ্লেট আৰু টকা। ফ্লেট আৰু ২৭ লাখ টকা দিলে স্বামীক ডিভোৰ্চ দিব পত্নীয়ে। সকলো মিলাই সম্পত্তিৰ মূল্য হ’ব ডেৰ কোটি টকা।