হাৰিয়ানাৰ বোৰ্ডৰ পৰীক্ষাৰ সময়ত নকল কাণ্ডই সকলো অভিলেখ ভংগ কৰিছে। পৰীক্ষাৰ্থীক নকল দিবলৈ পৰীক্ষাকেন্দ্ৰৰ খিৰিকীৰ গকাচ পৰ্যন্ত ভাঙি পেলাইছে একাংশ লোকে। ইমানেই নহয় স্পাইডাৰমেনৰ দৰে দেৱাল বগাইও নকল যোগান দিছে এইসকল মৰসাহী লোকে। মঙলবাৰে ৰাজ্যখনত দ্বাদশ শ্ৰেণীৰ গণিতৰ পৰীক্ষা হৈছিল। পৰীক্ষা আৰম্ভ হোৱাৰ সময়ৰে পৰাই পৰীক্ষাকেন্দ্ৰত সোমাবলৈ আৰম্ভ কৰে বাহিৰা লোক। পৰীক্ষাকেন্দ্ৰত নকল আৰু বাহিৰা লোকক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীও মোতায়েন কৰা হৈছে। কিন্তু মানুহে নিজৰ জীৱনকো তুচ্ছ কৰি নকল যোগান ধৰিব গৈছে। ইপিনে ইংৰাজীৰ পৰীক্ষাৰ দিনা পৰীক্ষা কেন্দ্ৰত ধৰা পৰিছে এজন মুন্না ভাই। নকল কৰিবলৈ এইজন পৰীক্ষাৰ্থীয়ে পেপাৰ বোৰ্ডতে মোবাইল ফিট কৰি লৈ গৈছিল। এই মোবাইলটোত ইংৰাজী বিষয়ৰ সকলোখিনি প্ৰশ্ন-উত্তৰ ষ্টোৰ কৰি লোৱা আছিল। নকল ৰোধ কৰিবলৈ শিক্ষা বিভাগৰ ফ্লাইং টীমে অভিযান চলাই আছিল। তেতিয়াই মোবাইল থকা পেপাৰ বোৰ্ড অনা মুন্না ভাই ধৰা পৰিল।