

অফ স্পীনাৰ হৰভজন সিঙে বিভিন্ন সময়ত নিজৰ টুইটৰ বাবে শিৰোনাম দখল কৰে। কিন্তু এইবাৰ এনেকুৱা কাম কৰিলে যে মুকলিভাৱে ক্ষমা খুজিবলগীয়া হ’ল হৰভজন্। নিজৰ এটা টুইটত তেওঁ অভিযোগ কৰিছিল যে ৰাজনৈতিক নেতাসকলে আচলতে কোৰোণা ভেকচিন লোৱা নাই। তেওঁলোকে সেই ভেকচিন লোৱাৰ নাটক কৰিছে। আৰু সেই নাটকৰ অংশ হিচাপে ফটো তুলিছে।


কিন্তু এই পোষ্টক লৈ বিপদত পৰিল হৰভজন। কাৰণ তেওঁৰ দাবী মিছা প্ৰমাণিত হৈছে। হৰভজনে টুইটত লিখিছিল – In reality this is how some of our leaders taking vaccine, Picture khinchke gayi, ok good.


হৰভজন সিঙৰ টুইট আচলতে এটা ভাইৰেল ভিডিঅ’ৰ ভিত্তিত হৈছিল। য’ত এজন মহিলা আরু পুৰুষক ভেকচিন দিয়া দেখা গৈছে। তাৰ লগতে তেওঁলোকে ফটো তুলিছে। কিন্তু পিছত এই খবৰ মিছা বুলি প্ৰমাণিত হয়। তুমাকুৰুৰ ডেপুটি কমিচনাৰ ৰাকেশ কুমাৰে এক ৱেবছাইটৰ সৈতে কথা–বাৰ্তাত জনায় যে যিটো ভিডিঅ’ ভাইৰেল হৈছে সেয়া আচলতে ডাঃ ৰজনী আৰু ডাঃ নাগেন্দ্ৰাপ্পাৰ। তেওঁলোক দুয়োজনে কোৰোণা ভেকচিন লৈছে আৰু সংবাদ মাধ্যমৰ কৰ্মীৰ কথা মতে ফটো তুলিছিল। ফটো ক্লিক হোৱাৰ পূৰ্বেই তেওঁলোকে ভেকচিন লৈছিল।