দক্ষিণ গুজৰাট আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বহু অঞ্চলত অব্যাহত আছে ধাৰাসাৰ বৰষুণ। বৰষুণে জীৱনত বেয়াকৈ প্ৰভাৱ পেলাইছে। অৱস্থা এনে হৈছে যে কেৱল চহৰবোৰৰ ৰাস্তা-ঘাটেই নহয়, ৰাষ্ট্ৰীয় ঘাইপথৰো যথেষ্ট ক্ষতি হৈছে৷ ধাৰাষাৰ বৰষুণৰ বাবে সম্পূৰ্ণ গাঁতেৰে ভৰি পৰিছে বাপি-চিলভাছা ৰাষ্ট্ৰীয় ঘাইপথ-৪৮।