যোৱা সোমবাৰে উত্তৰপ্ৰদেশৰ পালিমুকিমত সংঘটিত হৈছিল এই ঘটনা। ২৮ বছৰীয়া বাবলু নামৰ এজন যুৱকে বিয়া কৰাবলৈ গৈছিল গাঁৱখনলৈ। লগত গৈছিল তেওঁৰ কেইজনমান বন্ধু। বিয়া উপলক্ষে বন্ধুয়ে নিচা কৰিবলৈ টকা বিচাৰিছিল বাব্লুৰ পৰা। কিন্তু বন্ধুৱে দাবী কৰা পৰিমাণৰ টকা দিয়া নাছিল দৰা বাব্লুৱে। যাৰ ফলত অসন্তুষ্ট হৈ পৰে একাংশ বন্ধু।