যেতিয়া খাবলৈ দিয়া হয়, বৰযাত্ৰীয়ে পঠাৰ মাংস বিচাৰে। কিন্তু ছাগলীৰ মাংস যোগাৰ কৰিব পৰা নাছিল কইনা পক্ষই। এই কথাতে ক্ষুব্ধ হৈ পৰে বৰযাত্ৰী। তেওঁলোকে কইনাপক্ষৰ লগতে যিয়ে তেওঁলোকক খাবলৈ দিছিল তেওঁলোকৰ সৈতে বাক–বিতণ্ডাত লিপ্ত হয়। ঘটনাই চূড়ান্ত ৰূপ লয় যেতিয়া দৰাই শুনিবলৈ পালে যে বৰযাত্ৰীসকলক ছাগলীৰ মাংস দিয়া নাই, হ’বলগীয়া দৰাই এই কথাত খৰ্গহস্ত হৈ বাতিল কৰে বিয়া। Photo- Representative
ইয়াৰ পিছতে কইনা পক্ষই হ’বলগীয়া দৰাক বহু বুজোৱাৰ চেষ্টা কৰে কিন্তু তেওঁ নিজৰ স্থিতিত অটল থাকে। তাৰ পিছতে তেওঁ সাংগোপাংগসকলক লৈ কইনাঘৰ ত্যাগ কৰে আৰু কাষৰে এঘৰ আত্মীয়ৰ ঘৰত উপস্থিত হয়। তাৰ পিছত আন এগৰাকী যুৱতীক বিয়া কৰাই নিজ ঘৰলৈ ৰাওনা হয়। ঘটনা সন্দৰ্ভত অৱশ্যে থানাত কোনো অভিযোগ দাখিল কৰা হোৱা নাই। Photo- Representative